........
বেলেগে সুধিলে তেনেকৈয়ে কওঁ ! কিন্তু তোমাক বহুত মনত পৰে । জানা আগৰ দৰে এতিয়া ভৰ ৰাতিলৈ সাৰেও নথকা হৈছো। ৰাতিৰ টোপনিটোও বহুত ভাল হৈছে । কিন্তু নাজানো কিয়, মাজে মাজে ভাব হয় , আজি তুমি থাকিলে হয়তো মোৰ ৰাতিটো অন্য ৰকমৰ হলহেঁতেন ।হয় ,ৰাতিটো টোপনিৰ নহৈ হয়তো বেলেগ ধৰণৰ হলহেতেন । আমাৰ মাজৰ বিশাল এক অসমাপ্তিজ্ঞাপক গল্পটোৰ সুন্দৰ সমাপ্তি হলে। যদি মই আজি শুলোহেতেন তোমাৰ সৈতে।

তুমি কৈ থাকিলহেতেন ,মই শুনিলোহেঁতেন ,তুমি গান শুনালে , বিনিময়ত ময়ো অধিক ভালপোৱা দিলোহেঁতেন ।তুমি হাঁহিলে ,মই চকু বন্ধ কৰি চালোহেতেন ...
এবাৰ মাত্ৰ মিছাকৈয়ে । মিচ নকৰো বুলি কৈয়ো মই তোমাক মিচ কৰো, তোমাক বাদ দিছো বুলি শুনালেও প্ৰতি নিশাই তোমাক মোৰ কাষত অনুভৱ কৰো।


ভালপাওঁ হয়তো ভালপাওঁ তোমাক বহুত
আজি উৰ্মি আৰু ইশানৰ কাৰণে এটা বিশেষ দিন৷ কাৰণ আজিৰ পৰা এবছৰৰ আগতে সিহঁতৰ মাজত প্ৰেমে টুকুৰিয়াই গৈছিল৷ উৰ্মিৰ মনত আজি ফুৰ্তি নাই তাৰ বিপৰীতে তাই নিজকে নিজক প্ৰশ্ন কৰিছে কি ভুল কৰিলো মই মইটো ইশানৰ প্ৰথম প্ৰস্তাৱতে মই তাক কৈছিলো মোৰ তোমাক ভাল লাগে মই তোমাৰ বন্ধুত্বৰ এনাজৰীৰে সদায় বান্ধ খাই থাকিম কিন্তু মই তোমাৰ প্ৰেমত পৰিব ..
No comments:
Post a Comment